অসমীয়া ৰচনা দশম শ্ৰেণী PDF axomiya

অসমীয়া ৰচনা

 

 

অসমীয়া ৰচনাৰ list
অসমৰ প্ৰাকৃতিক সম্পদ
অসমৰ বানপানী সমস্যা
মোৰ প্ৰিয় সাহিত্যিক
মোৰ জীৱনৰ লক্ষ্য
মোৰ প্রিয় গ্ৰন্থখন :
পুথিভঁৰাল
ছাত্ৰৰ কৰ্তব্য

অসমৰ প্ৰাকৃতিক সম্পদ

আৰম্ভণি ঃ স্বাভাবিকভাৱে উৎপন্ন হোৱা সম্পদৰ নামেই প্রাকৃতিক সম্পদ। দ্বিতীয়তে, প্রকৃতিৰ বুকুত উৎপন্ন হোৱা সম্পদরে প্রাকৃতিক সম্পদ বুলিব পাৰি। এইফালৰ পৰা কৃষিজাত সবাবোৰকো প্রাকৃতিক সম্পদৰ ভিতৰত সামৰা হয় প্ৰাকৃতিক সম্পদৰ শ্ৰেণীবিভাগ : অসমৰ প্ৰাকৃতিক সম্পদৰাজিক চাৰিটা ভাগত ভগাব পাৰি। সেইকেইটা ক্রমে কৃষিজাত, খনিজাত, বনজাত আৰু জলজাত। কৃমিজাত সম্পদৰ বিৱৰণ : অসম মৌচুমী অঞ্চলত অৱস্থিত আৰু ইয়াৰ চাৰিওফালে পর্বতে আগুৰি আছে । সেইবাবে দক্ষিণ-পশ্চিম মৌচুমী বতাহ প্রবাহিত হোৱাৰ সময়ত বিশেষকৈ জেঠ, আহাৰ, শাওণ আৰু ভাদ মাহত অসমত প্ৰৱল বৰষুণ হয়। অসমৰ মাটি সাৰুৱা। গতিকে খেতিৰ বাবে অসমৰ মাটি বৰ উপযোগী। আটাইকেইখন ছিলাতে যান, মাহ, সৰিয়হ আদি উৎপন্ন হয়। চাহৰ উৎপাদাত ভাৰত পৃথিৱীৰ ভিতৰত প্রথম। ভাৰতৰ শতকরা ৬৬ শতাংশ চাই অসমত উৎপন্ন হয়। অসমৰ আটাইকেইখন জিলাতে কম-বেছি পৰিমাণে মৰাপাট উৎপন্ন হয়। এইবিলাকৰ উপৰিও আদা, হালধি, ধনিয়া, জলকীয়া আদি নানা প্ৰকাৰৰ শাক-পাচলি ইয়াত প্ৰচুৰ পরিমাণে উৎপন্ন হয়। ফলৰ ভিতৰত তামোল, নাৰিকল, আম, কঁঠাল, আনারস, সুমথিৰা আদি ইয়াৰ পৰা ভাৰতৰ নানা ঠাইলৈ ৰপ্তানি হয়।

খনিজাত সম্পদৰ বিবৰণ ঃ খনিজাত সম্পদৰ ভিতৰত যাকৱা তেলৰ কথাকেই বিশেষভাবে উল্লেখ কৰিব পাৰি। ভক্তিৰ ভিতৰত এই সম্পদত অসম প্রথম । ডিব্ৰুগড় জিলাৰ ডিগবৈ, নাহৰকটীয়া, দুলীয়াজান, শ্রীজান, মৰাণ আদি ঠাইত তেল যথেষ্ট পৰিমাণে পোৱা যায়। অসমত বর্তমান চাৰিটা তেল শোধানাগাৰ আছে। যেনে – ডিগবৈ ননমাটি, নুমলীগড় আৰু বঙাইগাঁও। যাৰুৱাতেলৰ উপৰিও মৰাণ আৰু নাহৰকটীয়া খনিৰ পৰা প্ৰাকৃতিক গেছো আহৰণ কৰা হয়। প্রাকৃতিক গেছৰ পৰা ডিব্ৰুগড় জিলাৰ নামৰূপ আৰু গুৱাহাটীত বিজুলী শক্তি উৎপাদন কৰা হয়। তিনিচুকীয়া জিলাৰ জয়পুৰ, মাৰ্ঘেৰিটা, মাকুম, লিডু আদিত কালাৰ খনি আছে। কাৰ্বি আংলং জিলাত যথেষ্ট পৰিমাণে ভূগশিল পোৱা যায়। সেই বাবে এই জিলাৰ বোকাজানত এটা বিলাতী মাটি তৈয়াৰ কৰা কাৰখানা স্থাপন কৰা হৈছে। গোলাঘাট জিলাৰ নামবৰ হাবিত এটা গৰমপানীৰ উহ আছে। ইয়াৰ পানীত গন্ধক মিহলি হৈ আছে।

বনজাত সম্পদৰ বিৱৰণ প্ৰচুৰ পৰিমাণে বৰষুণ হোৱাৰ বাহে অসমৰ অনেক ঠাইত ডাঠ হাবি পোৱা যায়। সেইবোৰত শাল, সোণাৰু, গমাৰী, বনচোম, চেগুন আদি মূল্যৱান কাঠ পোৱা যায়। এইবোৰৰ উপৰিও বাঁহ-বেত, খেৰ-ই কৰা, খাগৰি, নল আদিও অনেক ঠাইত পোৱা যায়। শিলিখা, আমলখি, ভোমোৰা, শতমূল, সর্পগন্ধা আদি ঔষধৰ গছে। ইয়াত আছে। লা আৰু শালধূনা অসমৰ হাবিত পোৱা দুবিধ মূল্যৱান বস্তু। অসমৰ হারিত হাতী, গঁড়, বাঘ, ভালুক আদি নানা ধৰণৰ পশু আৰু ধনেশ, দেওঁহাঁহ আদি নানা তৰহৰ চৰাই আছে। অসমত বর্তমান ৫ খন ৰাষ্ট্ৰীয় উদ্যান আছে কাজিৰঙা, মানাহ, ডিব্ৰু-চৈখোৱা, নামেৰী আৰু ওৰাং। এইবোৰত বিভিন্ন ধৰণৰ পশু-পক্ষী সংৰক্ষণ কৰি ৰখা হৈছে। কাজিৰঙাৰ এশিঙীয়া গঁড় পৃথিৱী বিখ্যাত।

জলজাত সম্পদৰ বিৱৰণ : ব্ৰহ্মপুত্ৰ আৰু বৰাক অসমৰ দুখন ডাঙৰ নদী। এই নৈ দুখনৰ অনেক উপনৈয়ে ৰাজ্যখনক জালৰ দৰে আগুৰি আছে। ইয়াৰ উপৰি অনেক বিলো ৰাজ্যখনৰ বিভিন্ন ঠাইত আছে। এই নদী আৰু বিলবোৰত মাছ, কাছ আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। এইবিলাক ইয়াৰ মানুহৰ প্রধান আৰু প্রিয় খাদ্য। মাছ-কাছ আদিৰ উপৰিও নৈ-বিল। আদিও জলজাত সম্পদৰ ভিতৰত পৰে। বাৰিষা কালত এইবোৰৰ পানীয়ে পথাৰ ওপচাই পেলায়। সেই পানীয়ে পলসৰ দ্বাৰা সেইবোৰ সাৰুৱা কৰে। নগাঁও জিলাৰ কপিলী নদীত বান্ধ দি জলসিঞ্চনৰ ব্যৱস্থা  বৰ্তমান অসমৰ প্ৰাকৃতিক সম্পদৰাজি সংকটাপন্ন অৱস্থাত উপনীত হৈছে। অসমৰ অৰণ্যত পোৱা বহুমূলীয়া গছবোৰ অসৎ লোকে চৰকাৰৰ অগোচৰে চোৰাংকৈ কাটি অসমৰ অৰণ্যসমূহ টকলা কৰিছে। অৰণ্যত কৰা হৈছে।

বর্তমান অৱস্থা ঃপোৱা বহুমূলীয়া জন্তু তথা চৰাইৰ লগতে কাজিৰঙাত পোৱা আপুৰুগীয়া সম্পদ এশিঙীয়া গুঁড়ো চোৰাং চিকাৰীৰ হাতৰ পৰা সাৰি যোৱা নাই। খনিজ সম্পদসমূহো চোৰাং চিকাৰীৰ কবলত পৰিছে। নিজৰ লাভৰ কাৰণেই মুক্ত খনন পদ্ধতিৰে অসম মাতৃৰ বুকুৰ পৰা ‘ক’লাসোণ’ কয়লা চোৰাংকৈ আহৰণ কৰিছে। পনীয়া সোণ খাৰুৱাতেল পাইপলাইনত ফুটা কৰি চুৰ কৰাটো প্রায় প্রতিদিন বাতৰি কাকতত পোৱা যায়। অসমৰ বিভিন্ন আদিত অসময়ত মাছ-কাছ আদি ধৰি জলজ সম্পদো নিঃশেষ কৰিব বিচাৰিছে চোৰাং চিকাৰীয়ে। বর্তমান অসমৰ কৃষিজাত সম্পদসমূহৰো অৱনতি ঘটিছে। = এসময়ত উচ্চ শিখৰত আৰোহণ কৰা চাহশিল্প বর্তমান ■ পুতৌ লগাকৈ অৱনতি ঘটিছে।

• লাভালাভ : প্রাকৃতিক সম্পদৰ দ্বাৰা চৰকাৰ আৰু ৰাইজ উভয়ে অনেক ধৰণে উপকৃত হয়। ধান, মাহ আদি ইয়াৰ লোকৰ প্ৰধান খাদ্য। কপাহ, মৰাপাট আদিৰ পৰা নানা ৰকমৰ বস্ত্ৰ তৈয়াৰ কৰা হয়। অসমৰ চাহ বিদেশলৈ ৰপ্তানি কৰা হয়। চাহৰ পৰা ভাৰত চৰকাৰে বৈদেশিক মুদ্রা অর্জন করে।

প্রাকৃতিক সম্পদৰাজি আহৰণ কৰা বাবে আৰু সেইবোৰৰপৰা অন্যান্য বস্তু উৎপাদনৰ অর্থে ইয়াত নানা ধৰণৰ কল-কাৰখানা, উদ্যোগ আদি স্থাপিত হৈছে। ■ সেইবোৰত কাম কৰিও হাজাৰ হাজাৰ লোকে পেট প্ৰৱৰ্তন কৰে। এইদৰে প্ৰাকৃতিক সম্পদে অসমৰ নিবনুৱা সমস্যা কিছু পৰিমাণে হ্ৰাস কৰিছে।

সামৰণি : সম্পদ থাকিলেই নহয়, সেইবোৰ যথোচিত ব্যৱহাৰ হ’ব লাগে। তেহে সেইবোৰ সাৰ্থক হয়। অসমৰ প্রাকৃতিক সম্পদসমূহৰ আটাইবোৰৰে যথোচিত ব্যৱহাৰ এতিয়ালৈকে কৰিব পৰা হোৱা নাই। ৰাজ্যখনৰ অনেক ঠাইত খাকরাতেল, কয়লা, সোণ, গন্ধক আদি খনিজ পদার্থ পোৱাৰ সম্ভাৱনা আছে। পিছে, আটাইবিলাক আহৰণ কৰা ব্যৱস্থা এতিয়ালৈকে হোৱা নাই। অসমৰ প্ৰাকৃতিক সম্পদৰ আলমত গঢ়ি উঠা অনেক উদ্যোগ এতিয়া অসমৰ বাহিৰৰ পৰা অহা লোকৰ হাতত। সেইবোৰৰ পৰা যাতে অসমৰ থলুৱা লোকসকল অধিক পৰিমাণে উপকৃত হ’ব পাৰে তাৰ বাবে অসমৰ চৰকাৰ আৰু ৰাইজ উভয়ে সজাগ হোৱা উচিত।

অসমৰ বানপানী সমস্যা অসমীয়া ৰচনা

অসমৰ বানপানী সমস্যা

আৰম্ভণি ঃ অসম এখন সমস্যাৰে জৰ্জৰিত ৰাজ্য। অতীতৰে পৰা নানা সমস্যাই অসমক জুমুৰি দি আহিছে। তাৰে এটি প্রধান সমস্যা হ’ল- অসমৰ বানপানী সমস্যা।

বানপানীৰ কাৰণ : পানীয়েই প্ৰাণ আৰু প্ৰাণস্বৰূপ পানীৰ প্রাকৃতিক আধাৰ হ’ল- নদীসমূহ। নদীমাতৃক দেশ অসমত মহাবাহু ব্ৰহ্মপুত্ৰকে ধৰি নানান নদী-নলাৰে উপচি আছে। বাৰিষা-খৰালি দুয়ো সময়তে ইয়াৰ পানী প্ৰায় নুশুকায়। কিন্তু বাৰিয়া পানী উপচি প্ৰায়ে পাব বাগৰি ভৈয়ামলৈ বৈ গৈ বানপানীৰ সৃষ্টি কৰে। ১৯৫০ চনৰ পিছৰেপৰা আমাৰ দেশত প্রায়ে প্রতি বছৰে প্ৰৱল বানপানী হৈ থকা দেখা গৈছে। সম্ভৱতঃ ভূঁইকঁপৰ জোকাৰণিত আমাৰ নদীবোৰৰ তলি দাং খাই উঠিছে— যাৰ ফলত অলপমান পানী জমিলেই পাৰ উপচি পৰে। সম্প্ৰতি হাবি-বন, পর্বত- পাহাৰ কাৰ্ট ভাঙি মানুহে বসবাস কৰিবলৈ লোৱা বাবে মৌচুমীৰ গতি অনিয়মীয়া হৈ প্ৰাৱল্য বাঢ়িছে। বৰষুণ হ’লে একেৰাহে ধাবাসাবে হয়, নহ’লেবা তেনেই খৰাং হৈ থাকে। ফলত কোনো কোনো বছৰত বাৰিষাৰ আৰম্ভণিৰে পৰা শেহলৈ অগা-পিছাকৈ ৪/৫ বাৰ বানপানী হোৱা দেখা যায়।

অপকাৰ : বানপানী যিমানেই প্ৰৱলত হয় ক্ষয়-ক্ষতিৰ সীমা নথকা হয়। মানুহ, গৰু, জীৱ-জন্তুৰ দুখ কুলাই পাচিয়ে নধৰা হয়। পথাৰৰ শস্য হানি হোৱাৰ উপৰিও পোহনীয়া গৰু-ম’হ, হাঁহ-কুকুৰা, ঘৰ-দুৱাৰ উটি-ভাহি যায়। বানপানীয়ে যে কেৱল বানপানীৰ সময়চোৱাতে আক কেৱল বানপানী বিধ্বস্ত অঞ্চলৰে অনিষ্ট কৰে এনে নহয়। বানপানীৰ পিছতে সচৰাচৰ আকাল আৰু নানান মাৰি-মাকে দেখা দিয়ে। বানপানীয়ে কৰা শস্যৰ ক্ষতিয়ে গোটেই দেশকে অভাবগ্রস্ত কৰে। আমাৰ সৰ্বসাধাৰণ ৰাইজ প্রায় আটায়ে খেতিয়ক, এনেয়ে অবস্থা বেয়া, বানপানীয়ে তেওঁলোকৰ হাঁড় ভগাৰ ফলত তেওঁলোক চিৰকালৰ কাৰণে দুৰ্ভাগ্যৰ কৰাল গ্ৰাসত পতিত হয়।

প্ৰতিকাৰৰ উপায় : কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, বিভিন্ন অনুষ্ঠান আৰু ব্যক্তি-বিশেষে অসমৰ বান পীড়িত লোকৰ সাহায্যার্থে দান-বৰঙণি আগবঢ়ায় যদিও সিয়ে দুর্গত মোচনৰ কাৰণে যথেষ্ট নহয়। সেই বাবে অসমৰ বানপানীৰ সমস্যা সমাধান কৰাটোহে সম্প্ৰতি অতি প্রয়োজন হৈ পৰিছে। অসম চৰকাৰে নৈবোৰত মথাউৰিৰ ব্যৱস্থা কৰিছে যদিও মথাউৰি পৰিকল্পিত নোহোৱাত বানপানী আহিলেই পানী উপচি পৰে। সেয়েহে মথাউৰিবোৰ সুপৰিকল্পিতভাবে নিৰ্মাণ কৰাটো প্ৰয়োজন । নৈপৰীয়া মাটি শিমলু খেতিৰ বাবে উপযাগী। নৈৰ পাৰত এই গছ ৰোপণ কৰি গৰাখহনীয়া আৰু ভূমিস্খলন প্ৰতিৰোধ কৰাৰ লগতে জুইশলা উৎপাদন কৰিব পৰা হ’ব। অসমত পানী যোগানতকৈ পানী উলিয়াই দিয়াৰ সমস্যাহে ডাঙৰ। বান নিয়ন্ত্ৰণৰ দ্বাৰা অনাৱশ্যকীয় ঠাইৰ পৰা পানী উলিয়াই আৱশ্যকীয় ঠাইত যোগান ধৰিব পৰা যাব। অসমৰ বানপানী নিয়ন্ত্ৰণ কৰিবলৈ হ’লে মৌচুমী বতাহৰ গতিও যিমানদূৰ পাৰি নিশ্চিত কৰিবলৈ যত্ন কৰিব লাগিব।

সামৰণি ঃ প্ৰকৃতিৰ কোনো বস্তুৱেই সম্পূৰ্ণৰূপে ধ্বংসকাৰী বা উপকাৰী নহয়। প্রকৃতিক আয়ত্তলৈ আনি তাৰ কল্যাণকৰ গুণক কাৰ্যত লগাব পৰাটোহে মানুহৰ কৃতিত্ব। পৃথিৱীৰ বহু .দেশে বিশেষকৈ নদী নিয়ন্ত্ৰণ কৰি এনে কৃতিত্বৰ অধিকাৰী হৈছে। অসমৰ বানপানীৰ সমস্যা সমাধান কৰিব পাৰিলে অসম ভাৰতৰ শস্য আৰু বিদ্যুৎ-শক্তিৰ ভঁৰাল হোৱাৰ খ্যাতি লাভ কৰিব বুলি ভবাটো অলীক সপোন নহ’ব নিশ্চয়।

other assamese posts https://defensecareer.in/%e0%a6%ac%e0%a7%b0%e0%a6%97%e0%a7%80%e0%a6%a4-class-10-question-answer/

মোৰ প্ৰিয় সাহিত্যিক অসমীয়া ৰচনা

 মোৰ প্ৰিয় সাহিত্যিক

আৰম্ভণি : “সাহিত্য সংগীত কলা বিহীন :সাক্ষাত্ত পশুঃ পৃচ্ছবিযাম হীন ।” উপৰোক্ত কথাষাৰৰ অৰ্থ হৈছে সাহিত্য, সংগীত কলাবিহীন লোক শিং আৰু নেজ নথকা পশুৰ দৰে। সাহিত্য হ’ল এটা জাতিৰ দাপোণ। প্রতিজন সাহিত্যিকে নিজৰ সাহিত্য প্ৰতিভাৰ জৰিয়তে সমাজত চলি থকা অন্যায় অবিচাৰ, অনীতি-দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদৰ ধ্বনি তোলে। জীৱনৰ ভিন ভিন সমস্যাক সাহিত্যৰ যোগেদি প্ৰকাশ কৰে আৰু তাৰ সমাধানো দিয়ে। তেনে এগৰাকী মানববাদী সাহিত্যিক ড° ভবেন্দ্র নাথ শ‍ইকীয়াই হ’ল মোৰ প্ৰিয় সাহিত্যিক।

পৰিচয় : ভৱেন্দ্ৰ নাথ শ‍ইকীয়াদে জন্ম হৈছিল নগাঁৱৰ ফৌজদাৰী পট্টিত ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত। তেখেতৰ পিতৃৰ নাম বিদ্‌ৰ কুমাৰ শ‍ইকীয়া আৰু মাতৃৰ নাম চম্পাবালা শ‍ইকীয়া। তেওঁ ১৯৪৮ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৫০ চনত কটন কলেজৰ পৰা ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীর্ণ হয়। পিছত কলকাতাৰ প্ৰেসাঁডেন্সি কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী, ১৯৬১ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পি. এইচ. ডি আৰু ইম্পেৰিয়েল কলেজ অর ছায়েন্স এণ্ড টেকনোলজীৰ পৰা ডিপ্লমা লাভ করে।শিক্ষা সাং কৰি শ‍ইকীয়াদেৱে শিৱসাগৰ কলেজত অধ্যাপনা কৰিবলৈ লয়। পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰীড়াৰ হিচাপে যোগদান কৰে। ১৯৫৫ চনত তেওঁ প্ৰীতি শ‍ইকীয়াৰ লগত বিবাহ পাশত আবদ্ধ হয়।

ৰচনাৰাজিৰ আভাষ ঃ শ‍ইকীয়াদেৱে স্কুলীয়া জীৱনৰ পৰাই সাহিত্য ৰচনাত মনোনিবেশ কৰে। তেওঁৰ কেইবাখনো উপন্যাস, গল্প সংকলন প্রকাশ পাইছে। তাৰ ভিতৰত শৃংখল, সেন্দুৰ, আকাশ, তৰংগ আদি গল্প সংকলন আৰু ৰম্যভূমি, অীপ আদি উল্লেখযোগ্য উপন্যাস। ইয়াৰে শৃংখল নামব গল্প সংকলনখনৰ বাবে তেওঁ ১৯৭৬ চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। অৱশ্যে সকলোৰে উৰ্ধত ড° শ‍ইকীয়াদেৱৰ শিশু সাহিত্যসমূহ। ‘শান্ত-শিষ্ট-হৃষ্ট-পুষ্ট-মহাদুষ্ট, ‘মৰমৰ দেউতা’, ‘তোমালোকৰ ভাল হওক, ‘মৰম আদি তেওঁৰ উল্লেখযোগ্য শিশু গ্রন্থ। তদুপৰি মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ ‘প্রান্তিক’ আৰু ‘সফুৰা’ নামৰ শিশু আলোচনী এখনৰ সম্পাদক আছিল। শ‍ইকীয়াদের এগৰাকী বিশিষ্ট নাট্যকাৰ আৰু চিত্র নির্মাতাও আছিল। গহ্বৰ, বৃন্দাবন, দীনবন্ধু আদি তেওঁৰ বিখ্যাত নাটক। তদুপৰি তেওঁৰ দ্বাৰা নিৰ্মিত সন্ধ্যাৰাগ, অগ্নিস্নান, কোলাহল আদিৰ দৰে বোলছবিয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰলাভ কৰিবলৈও সক্ষম হৈছে। এক কথাত ক’বলৈ গ’লে তেখেত আছিল বহুমুখী প্ৰতিভাৰ অধিকাৰী। প্ৰিয় হোৱাৰ কাৰণ : ড° ভবেন্দ্ৰ নাথ শ‍ইকীয়াৰ লিখনিসমূহ খুবেই সহজ সৰল আৰু সাৱলীল। তেওঁৰ ভাষাৰ সৰলতা, পরিবেশ পরিস্থিতির নিখুঁত বর্ণনাই ৰচনাসমূহক অধিক আকর্ষণীয় কৰি তোলে। নই তেওঁৰ কেইবাখনো শিশু সাহিত্য, গল্প সংকলন আৰু অন্তৰীপ নামৰ উপন্যাসখন পঢ়িছো। এই সকলোবোৰেই মোৰ প্রিয়। তেওঁৰ ৰচনাত ফুটি উঠে গভীর সামাজিক মূল্যবোধ আৰু দায়বদ্ধতা। সকলো বয়সৰ পাঠকেই তেওঁৰ ৰচনাসমূহ রসাস্বাদন কৰিব পাৰে। এনেবোৰ কাৰণতেই ভবেন্দ্র নাথ শ‍ইকীয়া মোৰ প্ৰিয় সাহিত্যিক।

সামৰণি : এইজনা মহান সাহিত্যিকৰ ২০০৩ চনৰ ১৩ আগষ্টৰ দিনা পৰলোক প্রাপ্তি ঘটে। দুৰাৰোগ্য ব্যাধিকো নেওচি ওৰেটো জীৱন সাহিত্য-কৰ্মত ৱৰ্তী থকা শ‍ইকীয়াদেৱক ২০০১ চনত ‘পদ্মশ্রী’ সন্মানেৰে বিভূষিত কৰা হয়। তেওঁৰ লিখনিসমূহ আৰু অসমীয়া সাহিত্য জগতৰ প্ৰতি তেওঁৰ জীৱন যোৰা অবদান সমূহৰ বাবে ড° ভবেন্দ্র নাথ শ‍ইকীয়াদের সদায় পূজনীয় হৈ ৰ’ব।

মোৰ জীৱনৰ লক্ষ্য অসমীয়া ৰচনা

মোৰ জীৱনৰ লক্ষ্য

“যদি চাব জানা এই সুন্দৰ জগৎ।

শিক্ষাৰ বিষয় পাবা অনেক মহৎ।

” আৰম্ভণি ঃ প্রতিজন মানুহেই সৰুতে জীৱনৰ এক লা বান্ধি লৈ সেই লক্ষ্যত উপনীত হ’বলৈ কৰা প্ৰয়াসে সংসাৰ সমুদ্রর অন্তহীন ভয়াবহতাক নোহোৱা কৰে, জীৱন সুখ আৰু সমৃদ্ধিৰে ভৰাই তোলে। আন বহুতৰ দৰে ময়ো মোৰ জীৱনক সফল কৰি তুলিবলৈ এটি লক্ষ্য বুকুত বান্ধি লৈছো। সংস্কৃতত কোৱা হৈছে যে “মনসা চিস্তিতং কর্ম বসনান প্রকাশয়েৎ, অন্য লক্ষিত কার্যচ যথা সিন্ধি ন যায়তে।” অর্থাৎ মনৰ কথা প্রকাশ কৰিব নালাগে। কিয়নো আনে লক্ষ্য কবি থাকিলে সময়ত কৰ্মত সিদ্ধি লাভ নহ’বও পাৰে। সেয়েহে, মোৰ লক্ষ্যক মই মনত বান্ধি নীরবে তাত উপনীত হ’বলৈ যত্ন কৰিছো ।

জীৱনৰ লক্ষ্য : মোৰ লক্ষ্য হৈছে ভবিষ্যতে নিজকে এজন সমাজ জীৱনৰ সাহিত্যিকৰূপে প্রতিষ্ঠা কৰা। লক্ষ্য নিৰ্ধাৰণৰ কাৰণ : সাহিত্য সাধনা এক জটিল কর্ম। সকলো মানুহেই ইচ্ছা কৰিলেই এজন সাহিত্যিক হ’ব নোৱাৰে। কিন্তু, ভগৱানে যেন মোক সাহিত্যৰ ৰচনাৰ বাবে কিঞ্চিৎ গুণ প্রদান কৰিছে। মানুহৰ মনক উপলব্ধি কৰি, মানুহৰ সুখ-দুখ, বেদনা প্রতিফলিত হোৱাকৈ সাহিত্য ৰচনা কৰি মানুহক বিশেষভাৱে উপকৃত কৰিব পাৰি। সমাজৰ ল্যাণ সাধনেই সাহিত্যৰ লক্ষ্য। সাহিত্যই হয়তো পৃথিৱীৰ একমাত্র অস্ত্র. যি অনক আঘাত নিদিয়ে, অথচ মানুহৰ অন্তরাত্মা জাগ্ৰত কৰি সৎকৰ্মৰ বাবে অনুষ্ঠাণিত কৰে। সাহিত্যকসকলে সমাজৰ দোষ ত্রুটি আঙুলিয়াই দিয়ে। সাহিত্যিকসকলে সমাজ সংস্কাৰ সাধনৰ উদ্দেশ্যে কলম তুলি লয়। অথচ, তাৰ মাজেৰে সুন্দৰ সৃষ্টিশীল কৰ্মৰ জৰিয়তে পাঠকক ৰসৰ আস্বাদ দিয়ে। ইয়াৰ দ্বাৰা পাঠকে জীৱনৰ কঠোৰতাৰ পৰা কিছুসময়ৰ বাবে হ’লেও সকাহ লাভ কৰে। তদুপৰি, একোটা জাতি তথা ভাষাৰ পৰিচয় সাহিত্যৰ দ্বাৰাহে প্ৰকাশ হয়। ম‍ই সাহিত্যিক হৈ বিশাল বিশ্বৰ এটি কোণত অৱস্থিত অসমীয়া জাতিক বিশ্বত জিলিকাই তুলিবলৈ প্ৰয়াস কৰিম। মোৰ জাতিৰ মানুহবোৰ, জাতীয় সংস্কৃতি তথা দেশৰ মাটিৰ প্ৰতি অংকুৰিত হোৱা সুতীব্র মোহে মোক সাহিত্যিক হ’বলৈ অনুপ্ৰেৰণা যোগাইছে।

লক্ষ্যত উপনীত হোৱাৰ উপায় : জীৱনৰ লক্ষ্যত উপনীত হ’বলৈ কেবল আত্ম বিশ্বাসেই যথেষ্ট নহয়; প্রস্তুতি ও সমানে প্রয়োজনীয়। ময়ো মোৰ লক্ষ্যত উপনীত যোৱার উদ্দেশ্যে বিভিন্ন প্রকাবে প্রস্তুতি চলাইছো। সাহিত্য আৰু সমাজৰ আছে অংগাংগী সম্বন্ধ। সমাজৰ অবিহনে সাহিত্যৰ সৃষ্টি অসম্ভব। সাহিত্যিকে সাহিত্যক সমাজত প্ৰতিফলন করে। সেয়েহে মই প্রতিনিয়ত মোৰ সমাজৰ বিভিন্ন দিশ পুংখানুপুংখভাবে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰো বানানৰ শুদ্ধি সাহিত্যিকৰ অপৰিহাৰ্য গুণ। মই মোৰ বানানৰ অশুদ্ধতা দূৰ কৰিবলৈ যেতিয়াই প্রয়োজনবোধ কৰো, তৎক্ষণাৎ অভিধান মেলি লওঁ মই মোৰ বাক্য গাঁথনিৰ উন্নতি ঘটাবলৈ হোমেন গোহাঞি আৰু প্রয়াত ড° ভবেন্দ্রনাথ শ‍ইকীয়া দেৱৰ প্রবন্ধপাতি পঢ়ি তেওঁলোকৰ চুটি চুটি অথচ শ্রুতিমধুব বাক্যশৈলী আয়ত্ব কৰিবলৈ যত্ন কৰে৷৷ ইয়াৰ উপৰি ম‍ই সময় পালে ভাষা-বিজ্ঞানো অধ্যয়ন কৰো। ভবিষ্যতে মই অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্রী গ্রহণ কৰিম – বুলি স্থিৰ কৰিছো আৰু অভিভাৱকেও মোৰ এই সিদ্ধান্তত সন্মতি প্রদান কৰিছে। আশা কৰিছো উক্ত = প্রস্তুতিসমূহে মোক প্রতিষ্ঠিত সাহিত্যিক হোৱাত যথেষ্ট— সহায় কৰিব।

সামৰণি : লক্ষ্য সাধনৰ বাবে প্রয়োজন অধ্যবসায়ব অধ্যবসায়ৰ নাম সাধনা। ম‍ই সাহিত্য সাধনাৰ একান্ত সাধক। আশা কৰো, উদ্ভিদ যেনেকৈ বীজৰ পৰা অংকুৰিত হৈ পত্রে-পুষ্পে বিকশিত হয়, সূর্য যেনেকৈ উদয় হৈ এ ধ্যাকাশত প্রকাশ হয়, ঠিক সেইদৰে ময়ো এদিন লক্ষ্যত ■, উপনীত হৈ নিজক প্ৰতিষ্ঠা কৰাৰ লগতে পৃথিৱীবাসীব ■ উপকৃত কৰিব পাৰো।

মোৰ প্রিয় গ্ৰন্থখন অসমীয়া ৰচনা

মোৰ প্রিয় গ্ৰন্থখন :

আৰম্ভণি : অসমীয়া সাহিত্যত ৰজনীকান্ত বৰদলৈ এটি প্রসিদ্ধ নাম। তেখেতক উপন্যাস সম্রাট বোলা হয়। তেখেতে কেইবাখনো উপন্যাস ৰচনা কৰিছে। তাৰ ভিতৰত কেইখনমান হ’ল- মনোমতী, ৰহদৈ লিগিৰী, নির্মল ভক্ত, ৰংগিলী আদি ।তেখেতে লিখা “মিৰি জীয়ৰী” নামৰ উপন্যাসখন মোৰ অতি প্রিয় গ্রন্থ।

গ্ৰন্থখনৰ পৰিচয় : “মিৰি জীয়ৰী” গ্ৰন্থখনৰ কাহিনীভাগ এনেধৰণৰ : মিৰি সমাজত এহাল জংকি আৰু পানেই নামৰ ল’ৰা-ছোৱালী আছিল। তেওঁলোক সকতে খেলৰ লগৰী আছিল। কিন্তু ডাঙৰ হোৱাত দুয়ো জীৱনৰ লগৰী হৈ পৰিল। কিন্তু পানেইৰ দেউতাকে তাই গম নোপোৱাকৈ বাৰেগানৰ পুতেকৰ লগত তাইৰ বিয়া ঠিক কৰিছিল। নাক নিমাই এবেলিলৈ জীয়েক পানেইৰ পক্ষত আছিল যদিও পানেইৰ দেউতাক তামেদৰ ওপৰত মাত মাতিব নোৱাৰিলে। মিৰি সমাজৰ প্রথা অনুযায়ী বাৰেগামৰ পুতেক কুমুদে পানেইৰ ঘৰত জোঁৱাই খাটিবলৈ আহিল। কিন্তু সি অলপো পানেইৰ মন জয় কৰিব নোৱাৰিলে। এদিন ছেগ বুজি জংকি আৰু পানেই দুয়ো ঘৰৰ পৰা পলাই গ’ল। দুয়ো পলাই গৈ সোঁৱণশিৰি নদীৰ পাৰব এখন গাৱত আশ্ৰয় লৈ আছিল। এই সময়ত দুয়োকে সহায় কৰিছিল ডালিমী নামৰ এজনী মিৰি ছোৱালীয়ে। তাই মনে মনে জংকিক ভাল পাই ছিল। কিন্তু পানেইৰ কথা গম পাই তাই দুয়োলৈ সহায়ৰ হাত আগবঢ়াইছিল। কিন্তু, হঠাতে এদিন দুয়ো বাৰেগামৰ চিপাহীৰ হাতত ধৰা পৰিল। বাবেগামে দুয়োকে পুনৰাই লগ নহ’বলৈ সকীয়াই দিছিল। কেইদিনমান যোৱাৰ পাছত এবাৰ পানেই। অকলে ঘৰৰ পৰা পলাই আহিল। এইবাৰ বাৰেগামে তাই জংকিৰ লগত পুনৰ পলাই যোৱা বুলি সন্দেহ কৰি নিজৰ চিপাহীবোৰক সিহঁতক বিচাৰিবলৈ আদেশ দিলে। জংকিয়েও মনে মনে পানেইক বিচাৰি যাওঁতে দুয়ো সোঁৱণশিৰিৰ ঘাটত লগ হ’লহি। সেই সময়তে বাৰেগামৰ চিপাহীয়ে দুয়োকে ধৰা পেলালে আৰু বিচাৰত এইবাৰ বাৰেগামে দুয়োকে মৃত্যুদণ্ডৰ শাস্তি বিহিলে।

বাৰেগামৰ নিৰ্দেশমতে এই বাৰ বাৰেগাম চিপাহীয়ে দুয়োৰে হাতভৰি বান্ধি, শাল মাৰি গাছি মিৰিয়ে সিহঁতক নৈত উটুৱাই দিলে। সিহঁতৰ নিথৰ নিষ্প্রাণ দেহদুটা এটা সময়ত আহি সোঁৱণশিৰি নৈৰ ঘাটত লাগিলহি। জংকি পানেইৰ ভালপোৱাক কোনোৱে স্বীকৃতি দিব নুখুজিলে। ফলস্বৰূপে দুয়োৱে কৰুণভাৱে মৃত্যুক সাৱটি ল’লে। গ্ৰন্থখন প্ৰিয় হোৱাৰ কাৰণ : “মিৰি জীয়ৰী” গ্ৰন্থখনৰ প্ৰধান চৰিত্ৰ জংকি আৰু পানেই। দুয়োৱে সহজ-সৰল তথা মিৰি সমাজৰ সাধাৰণ ডেকা-গাভৰু। পানেইৰ দেউতাক তামেদ সমাজৰ নিৰ্দেশত চলা মানুহ। মাক নিৰমা সৰল মাতৃ – কিন্তু পুৰুষৰ ওপৰত মাত মাতিব নোৱাৰে। কুমুদ খেনী তথা বাৰেগামৰ ল’ৰা, জোৰেৰে সকলো পাবলৈ বিচাৰে। বাৰোগাম নিষ্ঠুৰ, ডালিমী চৰিত্র ত্যাগৰ আদৰ্শৰে মহীয়ান। উপন্যাসখনৰ পটভূমিত আমি মিৰি সমাজৰ নীতি-নিয়মৰ বিষয়েও গম পাওঁ।

সামৰণি : উপৰোক্ত কথা তথা চৰিত্ৰসমূহৰ জীপাল অভিনয়ৰ বাবে “মিৰি জীয়ৰী” গ্ৰন্থখন মোৰ ভাল পোৱা গ্ৰন্থসমূহৰ ভিতৰত শীৰ্ষত আছে। তদুপৰি গ্ৰন্থখনৰ দ্বাৰা মিৰি সমাজৰ সাংস্কৃতিক জীৱনধাৰাৰ পৰিচয়ো বহন হৈছে। কাহিনী, চৰিত্ৰ, পটভূমি আঞ্চলিক বৈশিষ্ট্য আদিৰে সমৃদ্ধ “মিৰি জীয়ৰী” এখন সুখপাঠ্য সামাজিক উপন্যাস। সেইবাবেই “মিৰি জীয়ৰী” গ্ৰন্থখন মোৰ অতিকৈ প্রিয়গ্রস্থ। 

অসমীয়া ৰচনা পুথিভঁৰাল

পুথিভঁৰাল

 আৰম্ভণি : যিসকল মনীষীৰ দীপ্তকণ্ঠ চিৰদিনৰ বাবে অতীতৰ বুকুত হেৰাই গ’ল, যাৰ প্ৰত্যক্ষ সান্নিধ্য লাভ কৰি অক্ষয় জ্ঞান ভাণ্ডাৰৰ পৰা সোণৰ সফুঁৰা বুটলি ল’বলৈ আমি কোনো দিনেই সক্ষম নহওঁ, সেই সকল মনীষীৰ অমৰ লিখনিৰ লগত আমি পৰিচিত হ’ব পাৰো কেবল গ্ৰন্থৰাজিৰ যোগেদি। এই গ্রন্থবাজি য’ত সুশৃংখল আৰু সুৰক্ষিতভাৱে সজাই পৰাই ৰখাই হয় সেয়াই পুথিভঁৰাল। পুথিভঁৰাল হ’ল পুথিৰ ভাণ্ডাৰ, জ্ঞানৰ অফুৰন্ত ভঁৰাল। ই অজ্ঞতা দূৰ কৰি শিক্ষা বিস্তাৰ কৰাত সহায় কৰে। পুথিভঁৰাল অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ যোগসূত্র। 

প্ৰকা: পুথিভঁৰাল কেই বা শ্ৰেণীৰো আছে। ৰাজহুৱা পুথিভঁৰাল, ব্যক্তিগত পুথিভঁৰাল, বিদ্যালয়ৰ পুথিভঁৰাল আদি। ৰাজহুৱা পুথিভঁৰাল হয় চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত, নাইবা ৰাইজৰ দ্বাৰা প্রতিষ্ঠিত। এনে পুথিভঁৰাল সকলো শ্ৰেণীৰ লোকে ব্যৱহাৰ কৰিব পাৰে।আনহাতে বহুতো জ্ঞান পিপাসু ব্যক্তিয়ে নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ বাবে ব্যক্তিগত পুথিভঁৰাল প্রতিষ্ঠা কৰে।বিদ্যালয়ৰ পুথিভঁৰালঃ বিদ্যালয়ৰ পুঁজিৰে গঠিত আৰু ছাত্ৰ তথা শিক্ষকৰ উপযোগী গ্রন্থ তাত মজুত থাকে ।আজিকালি অৱশ্যে সাম্যমান পুথিভঁৰালৰো আৱিৰ্ভাৱ হৈছে। এই পুথিভঁৰাল এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গৈ মানুহক পুথিভঁৰালৰ সুবিধা দিয়ে। আৱশ্যকতাঃ পুথিভঁৰাল মানৱ সমাজৰ বাবে অতি আৱশ্যকীয়। অতীতৰ বিভিন্ন মনীষীসকলৰ জ্ঞানৰ ভাণ্ডাৰবোৰ গ্ৰন্থাকাৰে পুথিভঁৰালত সজ্জিত কৰি ৰখা হয়। মনীষীসকলৰ আদৰ্শ, উপদেশ আদিৰ বিষয়ে জানিবলৈ হ’লে পুথিভঁৰালৰ অতি আৱশ্যক।

যে কেৱল অতীতৰে জ্ঞান প্রাপ্ত হয় এনে নহয়। পুথিভঁৰালত থকা বাতৰি কাকত, আলোচনী আদিৰ যোগেদি আমি বৰ্তমানৰ জগতখনৰ কথা জানিব পাৰোঁ।বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বা শিক্ষক/শিক্ষয়িত্রীসকলে নিজৰ জ্ঞান বৃদ্ধিৰ বাবে পাঠ্যপুথিৰ উপৰিও নানান কিতাপ অধ্যয়ন কৰাৰ প্রয়োজনীয়তা থাকে। সেই বিলাক সকলো নিজাকৈ আহৰণ কৰা সম্ভৱ নহয়। পুথিভঁৰালৰ পৰা তেওঁলোকে সেইবোৰ সুবিধা পাব পাৰে। তাৰোপৰি পুথিভঁৰালৰ পৰা লেখক আৰু প্রকাশকসকলো উপকৃত হয় ৷কোনো এখন সমাজত পুথিভঁৰাল থাকিলে সমাজখন গুণীজ্ঞানী হয়। সমাজত হোৱা নানাধৰণৰ অন্ধবিশ্বাস, কুসংস্কাৰ, অপকর্ম আদি নাইকীয়া হয়। সেইবাবে পুথিভঁৰালৰ আৱশ্যক ।

সামৰণি : গতিকে দেখা যায় যে পুথিভঁৰাল আমাৰ বাবে অতি প্রয়োজনীয়। এটা জাতিৰ সামগ্রিক উন্নয়ন সাধনৰ বাবে, সভ্য গুণী মানি বুলি জাতিটো পৰিচিত হ’বৰ বাবে, পুথিভঁৰাল অতি আৱশ্যক। কিন্তু গ্ৰাম্যাঞ্চলকে আদি কৰি এনে বহু অঞ্চল আছে য’ত পুথিভঁৰালৰ ব্যৱস্থা নাই। আজিও বহুতো গাওঁ অজ্ঞানতা আৰু কুসংস্কাৰৰ লীলাভূমি। গতিকে এনে এক পৰিস্থিতিত তেনেবোৰ অঞ্চলত পুথিভঁৰাল স্থাপনৰ ওপৰত গুৰুত্ব দি পুথি অধ্যয়নৰ স্পৃহা বৃদ্ধি কৰাত আমি যত্নবান হ’ব লাগিব। তেতিয়াহে আমাৰ অসমীয়া জাতিটোৰ সামগ্রিক উন্নয়ন সাধন হ’ব।

অসমীয়া ৰচনা ছাত্ৰৰ কৰ্তব্য

ছাত্ৰৰ কৰ্তব্য

 আৰম্ভণি : ছাত্রজীবনেই হ’ল মানুহৰ ভৱিষ্যৎ জীৱনৰ আধাৰশিলা। মানুহৰ ভৱিষ্যত জীৱনৰ সুখ-শান্তি উন্নতি অৱনতি আদি সকলো নিৰ্ভৰ কৰে ছাত্ৰজীৱনৰ ওপৰত। সেয়ে জীৱন সাৰ্থক কৰি তুলিবলৈ হ’লে ছাত্রাবস্থাতেই প্রয়োজনীয় শিক্ষা আহৰণ কৰা একান্ত প্রয়োজন। মানব জীৱনৰ আটাইতকৈ সুখময় অৱস্থা হ’ল ছাত্রাবস্থা। এই সময়ছোৱাই মানুহৰ জীৱনৰ স্বৰ্ণময়কাল। কিন্তু বহল অর্থত গোটেই জীৱনছোৱাই শিক্ষাকাল আৰু পৃথিৱীখনেই হ’ল শিক্ষালয়।

ছাত্ৰৰ কৰ্তব্য : শিক্ষা আহৰণৰ সময়ত ছাত্ৰই কৰিবলগীয়া কামেই হ’ল ছাত্ৰৰ কৰ্তব্য। ছাত্ৰ জীৱনৰ প্ৰথম আৰু প্ৰধান কর্তব্য হ’ল অধ্যয়ন। এই সময়ত ছাত্ৰ-ছাত্ৰীয়ে একাগ্রতা তথা মনৰ একমুখী গতিৰে অধ্যয়নত ব্ৰতী হ’ব লাগে। কথিত আছে’

‘পঢ়াই পঢ়ে ৰোৱে পাণ।

এই তিনিয়ে নিচিন্তে আন।।’

ছাত্ৰজীৱনৰ অন্যতম প্রধান কর্তব্য হ’ল চৰিত্ৰ গঠন। চৰিত্ৰ হৈছে শিৰৰ ভূষণ। ভাল চৰিত্ৰ অবিহনে এজন মানুহ কেতিয়াও মহান হ’ব নোৱাৰে। সেইবাবে সু-চৰিত্ৰ গঠনৰ ওপৰত গুৰুত্ব দিব লাগে। এই সময়ছোৱাত পিতৃ মাতৃ, শিক্ষক আদিকে ধৰি নিজৰ অগ্ৰজসকলক শ্ৰদ্ধা আৰু অনুজ সকলক মৰম-চেনেহ কৰিবলৈ শিকিব লাগে। শিষ্টাচাৰ, ন্যায় পৰায়ণতা, দয়া আদি গুণবোৰ অনুশীলন কৰিব লাগে।

সময়ৰ সদ্ব্যৱহাৰ কৰা ছাত্ৰৰ অন্য এক প্রধান কর্তব্য। কেতিয়াও অমূল্য সময় অবাবত নষ্ট কৰিব নালাগে। নিৰ্দিষ্ট সময়ৰ ভিতৰত নিজৰ কৰণীয় কাম কৰি শেষ কৰিব লাগে।

ছাত্ৰজীৱনৰ অন্য এটা কাম হ’ল স্বাস্থ্য অটুত ৰেখা। স্বাস্থ্য সুস্থ সবল হ’লেহে ভালদৰে অধ্যয়নত মনোনিৱেশ কৰিব পাৰি। ছাত্ৰই অধ্যয়নৰ বাহিৰেও খেলা ধূলা, নিয়মিত ব্যায়াম, নিয়মিত খোৱা-বোৱা কৰা, স্বচ্ছতা বজাই ৰখা আদিৰ বিষয়ে গভীৰ জ্ঞান আহৰণ কৰিব লাগে।

যিহেতু আজিৰ ছাত্ৰই কাইলৈ দেশৰ নাগৰিক গতিকে ছাত্ৰই সৰুৰে পৰা সুনাগৰিক হোৱাৰ যত্ন কৰিব লাগে। অসৎ সংগ ত্যাগ কৰি সৎ গুণৰ বিকাশ সাধন কৰিব লাগে। মহৎলোকৰ জীৱনী পঢ়াটো অভ্যাসত পৰিণত হ’ব লাগে।

ছাত্ৰ-ছাত্ৰীৰ অন্যতম প্রধান কাম হ’ল সমাজসেৱা। ছাত্র-ছাত্ৰীয়ে সমাজৰ লোকৰ মাজৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ আঁতৰ কৰাত গঠনমূলক ভূমিকা ল’ব পাৰে। তদুপৰি বেমাৰ আজাৰৰ সময়ত উপদেশেৰে সহায় কৰিব পাৰে।

সামৰণি : সফলতাৰে ছাত্রজীবন সমাপ্ত কৰিব পাৰিলেহে মানুহৰ জীৱন সাৰ্থক হয় আৰু এই সফলতারে ছাত্রজীবন সমাপ্ত কৰাজনেই নিজৰ পৰিয়াল, সমাজ আৰু দেশৰ সেৱা কৰি জীৱনত প্ৰতিষ্ঠা লাভ কৰিব পাৰে। সেয়েহে অমূল্য মানৱ জীৱন সাৰ্থক কৰি তুলিবলৈ হ’লে “ছাত্র নং অধ্যয়নং তপঃ” হোৱা উচিত।

TAG

অসমীয়া ৰচনা ,
অসমীয়া ৰচনা pdf ,
দশম শ্ৰেণীৰ অসমীয়া ৰচনা ,
অসমীয়া ৰচনা মোৰ প্ৰিয় গ্ৰন্থ,
গান্ধী জয়ন্তী অসমীয়া ৰচনা ,
অসমীয়া ৰচনা পুথিভঁৰাল ,
covid 19 অসমীয়া ৰচনা ,
covid-19 অসমীয়া ৰচনা ,
বিজ্ঞানৰ অৱদান অসমীয়া ৰচনা ,
অসমীয়া ৰচনা hslc ,
অসমীয়া ৰচনা মোৰ প্ৰিয় সাহিত্যিক ভবেন্দ্ৰ নাথ শইকীয়া ,
মহাত্মা গান্ধীর জীবনী অসমীয়া ৰচনা,
অসমীয়া ৰচনা বিহু ,
অসমীয়া ৰচনা কৰোনা ভাইৰাছ ,
অসমীয়া ৰচনা প্ৰিয় সাহিত্যিক ,
অসমীয়া ৰচনা covid 19 ,
অসমীয়া ৰচনা কিতাপ ,
অসমীয়া ৰচনা pdf class ১২,
অসমীয়া ৰচনা ছাত্রৰ কৰ্তব্য,
অসমীয়া ৰচনা বিজ্ঞানৰ অবদান ,
অসমীয়া ৰচনা মোৰ প্ৰিয় গ্ৰন্থ মিৰি জীয়ৰী ,
অসমীয়া ৰচনা কৰোনা,
অসমীয়া ৰচনা তোমাৰ প্ৰিয় গ্ৰন্থ ,
অসমীয়া ৰচনা দশম শ্ৰেণীৰ,
বিপদৰ বন্ধুই প্রকৃত বন্ধু অসমীয়া ৰচনা,
কোভিড ১৯ অসমীয়া ৰচনা,
অসমীয়া ৰচনা মোৰ প্ৰিয় সাহিত্যিক,
অসমীয়া ৰচনা ছাত্ৰৰ কৰ্তব্য ,
অসমীয়া ৰচনা hs ,
hslc অসমীয়া ৰচনা ,
অসমীয়া ৰচনা অসমৰ বানপানী ,
অসমীয়া ৰচনা বিজ্ঞানৰ অৱদান ,
অসমীয়া ৰচনা বানপানী ,
অসমীয়া ৰচনা মোৰ জীৱনৰ লক্ষ্য শিক্ষক ,
অসমীয়া ৰচনা দূৰদৰ্শন ,
অসমীয়া ৰচনা মোৰ জীৱনৰ লক্ষ্য ,
অসমীয়া ৰচনা মোৰ জীৱনৰ লক্ষ্য ডাক্তার,

Related Post