বৰগীত class 10 question answer

-শ্রীশ্রী মাধৱদেৱ

-শ্রীশ্রী মাধৱদেৱ

                    Final-16

প্ৰ : তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিত কবিয়ে ‘বান্ধব’ বুলি কাক সম্বোধন কৰিছে। 

উ : আমাৰ পাত্ৰ পুথিৰ অন্তৰ্গত বৰগীতটিত কবিয়ে বান্ধৱ বুলি শ্ৰীকৃষ্ণক সম্বোধন কৰিছে।

চমু টোকা লিখা : 

ব্ৰজাৱলী ভাষা : ব্ৰজাৱলী ভাষা এক প্ৰকাৰ কৃত্ৰিম সাহিত্যিক ভাষা। শ্ৰীমন্ত শংকৰদেৱৰ সময়ত অসম, বঙ্গ আৰু উৰিষ্যাত এটা কৃত্রিম উপভাষার মাধ্যমত ভগৱান কৃষ্ণৰ লীলা বিষয়ক গীতপদৰ সৃষ্টি হৈছিল। এই ভাষাক ব্রজবুলি, ব্ৰজবোল নামেৰেও জনা যায়। ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী। তাৰ লগত ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণেৰে ই ঠাইবিশেষে একোটা স্বতন্ত্ৰ ৰূপ লাভ কৰে। ব্ৰজাৱলী ভাষাটো এহাতে শক্তিশালী আৰু প্ৰচুৰ স্বৰধ্বনিৰ অধিক প্রয়োগৰ বাবে শ্ৰুতিমধুৰ ।

বৰগীত লক্ষণ

 প্র : বৰগীতৰ তিনিটা লক্ষণ উল্লেখ কৰা।

উঃ বৰগীতৰ তিনিটা লক্ষণ তলত উল্লেখ কৰা ধৰণৰ

(i) বৰগীতসমূহ শাস্ত্রীয় ৰাগ-তালযুক্ত গীত।

(ii) বৰগীতৰ ভাষা ব্ৰজাৱলী। 

(iii) বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্রকাশক।

বৰগীত কাক বোলে

প্র: ……..নেৰিবা বান্ধৰ মোক জীৱনে মৰণে।

–কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?

উ: করিয়ে জীবনে-মরণে নেৰিবৰ বাবে একমাত্ৰ আৰাধ্য দেবতা ভগৱান শ্ৰীকৃষ্ণক অনুৰোধ জনাইছে। 

প্ৰ: সনক সনন্দ্ যোগী মাহাকু ধিয়ায়।

         সনক সনন্দ্  আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? 

 উ:সনক সনন্দ্ আদি যোগীসকলে শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে।

প্ৰ : কবি কিহত আত্‌ৰ হোৱা বুলি কৈছে? 

উ : কবি সংসাৰৰ দুখ, বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে।

প্র : বৰগীতটি কোনে ৰচনা কৰিছে?

 উ : বৰগীতটি শ্রীশ্রী মাধৱদেৱে ৰচনা কৰিছে।

প্রঃ বৰগীতটি কি ৰাগত বক্ষা আছে?

উ : বৰগীতটি ‘বসন্ত’ ৰাগত বন্ধা আছে।

প্র : ‘মোহ-পাশ’ মানে কি ?

উঃ ‘মোহ-পাশ’- মানে মায়াৰ পাশ বা মায়াৰ বন্ধন।

বৰগীত মূলভাব

প্ৰঃ বৰগীত কবিতাটোৰ মূলভাব

                        বৰগীত

মূলভাব : শ্রীশ্রী মাধৱদেৱ বিৰচিত ‘ৰাগ-বসন্ত’ত বন্ধ বৰগীতটি এটি উৎকৃষ্ট ভক্তি ৰসাত্মক কবিতা। এই বৰগীতটিৰ জৰিয়তে কবি মাধৱদেৱে পৰমার্থক বিষয়ক ভাব ব্যক্ত কৰিছে।

কবিয়ে নিজকে অধম বুলি হৰিস্বৰূপ শ্রীকৃষ্ণক তাই বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী বুলি জ্ঞান কৰি তেওঁ চৰণত শৰণ লৈছে। তেওঁ মানৱৰাপী ভগৱান শ্রীকৃষ্ণক কাতৰভাৱে অনুৰোধ কৰিছে যাতে কৃষ্ণই তেওঁক জীৱনে মৰণে কেতিয়াও নেবে। কবিৰমতে এই সংসাৰখন মায়াময়। এই সংসাৰৰ মায়ামোহত আৱদ্ধ হৈ সকলোৱে ভগৱানৰ কথা পাহৰি যায়। তেওঁক স্মৰণ নকৰে। শ্ৰীকৃষ্ণৰ মহিমাৰ কথা বুজি নাপায়। তেঁৱেই যে আমাৰ মুক্তিৰ পথ মুকলি কৰি দিব পাৰে এই কথা মানুহে নুবুজে। কিন্তু কৰিয়ে এই কথা বুজিব পাৰি ভগৱান শ্ৰীকৃষ্ণৰ চৰণ কৰ্মলত হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছে যে-হে দয়া কৰি আমাক এই মায়া-মোহৰ পৰা পৰিত্ৰাণ কৰা আমাক উদ্ধাৰ কৰা, মুক্তি দিয়া। তেওঁ খ্ৰীকৃষ্ণৰ চৰণ খনিক মহান বুলি কৈছে। ভকতসকলৰ বাবে কৃষ্ণই হৈছে তেওঁলোকৰ জীৱন। ভক্তিত ভগৱন্ত লৰে। ভক্তসকলে অজানিতে নানা ভুল মাস্তি কৰে। কিন্তু ভগৱানে এই সকলো জ্বলান্তি ক্ষমা কৰি তেওঁলোকক নিজ চৰণ ঠাই দিয়ে। কবিৰ মতেকুপাৰ সাগৰ স্বৰূপ শ্ৰীকৃষ্ণই ভক্তসকলক দয়া নকৰি তেওঁলোকৰ মুক্তি সম্ভৱ নহয়। ভগৱান শ্ৰ ওচৰত অতিকৈ কাতৰ হৈ শৰণ লোৱাৰ বাহিৰে ভৰ অন্য কোনো উপায় নাই।

ব্যাখ্যা কৰা :

“সহস্ৰ বয়নে যাৰ নপাৰস্ত সীমা।

অধমে জানিবে কেনে তোমাৰ মহিমা।”

উ: ব্যাখ্যেয় পদর্থাকি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য  সুবাসৰ অন্তৰ্গত শ্ৰীৰী মাধৱদেৱ বিৰচিত বৰগীতটি উদ্ধৃত কৰা হৈছে।

উক্ত পদফাকিৰ জৰিয়তে কৰি মাধৱদেৱে শ্ৰীকৃষ্ণৰ মহিমা যে অপাৰ সেই কথাকেই প্রকাশ কবির বিচাৰিছে।

ভগৱান শ্ৰীকৃষ্ণ অনাদি অনন্ত। তেওঁ কৃপাৰ সাগৰ। সনক, সনন্দৰ দৰে মহান যোগীয়ে ধ্যান, তপ কৰি, নিজকে তেওঁৰ ওচৰত অৰ্পণ কৰি, সত সহস্ৰ বাৰ এই ধৰাত জন্ম লভিও যাৰ বিষয়ে জানিব নোৱাৰি, একো সীমাই বিচাৰি নাপায়। কিন্তু সেই অনাদি অনন্ত বিশ্বব্রহ্মাণ্ড গৰাকী এই বিশ্বৰ প্ৰতিটো কোণতেই বিৰাজমান। মহাপুৰুষজনাই নিজকে অধম জ্ঞান কৰি কৈছে যে সংসদের মায়া-মোহত আৱদ্ধ অধমে কেনেদৰে তেওঁৰ অস্তিত্বৰ বিষয়ে জানিব পাৰিব।

প্ৰ: “আঙুৰ ভৈলোহো হনি বিষয় বিকলে।

কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।।”

উ : উদ্ভূত বনগীত ফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি “সাহিত্য সুবাসৰ অন্তর্গত শ্রী মাধবদের বিৰচিত  বৰগীতটিৰ পৰা অনা হৈছে।

 উক্ত পদফাঁকিৰ জৰিয়তে করিয়ে সাংসাৰিক বিষয়-বাসনাৰ পৰা উদ্ধাৰ পাবলৈ শ্ৰীকৃষ্ণক কাতৰভাৱে অনুৰোধ কৰিছে।

কবি মতে এই সংসাৰখন মায়াজালেৰে ভৰা। এই সংসাৰৰ মায়ামোহত আবদ্ধ হৈ সকলোৱে ভগৱানৰ কথা পাহৰি যায়। তেওক স্মৰণ নকৰে। শ্ৰীকৃষ্ণৰ মহিমা কথা বুজি নাপায়। তেঁৱেই যে আমাৰ মুক্তিৰ পথ মুকলি দিব পাৰে এই কথাৰ পৰা সম্পূর্ণ অজ্ঞাত। কিন্তু কবিয়ে এই কথা বুজিব পাৰি ভগৱান শ্ৰীকৃষ্ণৰ চৰণ কমলত হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছে যে-হে প্রভু, দয়া কৰি আমাক এই মায়া-মোহৰ পৰা এৰিত্ৰাণ দিয়া। আমাক উদ্ধাৰ কৰা, মুক্তি দিয়া।

প্ৰ:“তোমাৰ চৰণ দুই মোৰ মহা ধন। ভকত জনেৰ নিজ তুমিসে জীৱন।”

উ: উক্ত পদ ফাকি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য সুবাসৰ অন্তৰ্গত বনী মাধবদের বিৰচিত বৰগীতটিৰ পৰা তুলি নিয়া হৈছে।

 কবিৰমতে এই সংসাৰখন এখন মায়াজাল।

মানুহে জন্ম হোৱাৰ পৰা এই সংসাৰৰ মায়ামোহত এনেদৰে আৱদ্ধ হৈ পৰে যে ঈশ্বৰৰ নাম স্মৰণ কৰিবলৈ সময় পায়। কেৱল বিপদতহে তেওঁক বিচাৰে। কিন্তু কৰিয়ে শ্ৰীকৃষ্ণৰ মহিমা বুজিব পাৰি নিজকে তেওঁৰ শ্ৰীচৰণত অৰ্পণ, কৰিব বিচাৰিছে। শ্ৰীকৃষ্ণ দয়াৰ সাগৰ। তেওঁ নিজৰ ভক্তসকলক নিশ্চয় ৰক্ষা কৰিব। এই মায়ামোহৰ পৰা পৰিত্ৰাণ দিব। কবিৰ মতে ভগৱান শ্ৰীকৃষ্ণৰ চৰণ দুখনি মহাধন। ভকতসকলৰ বাবে শ্ৰীকৃষ্ণই হ’ল তেওঁলোকৰ জীৱন। গতিকে শ্রীকৃষ্ণই ভকতসকলৰ জীৱন উদ্ধাৰ কৰিবই। কাৰণ ভক্তিত ভগৱন্ত লৰে।

প্ৰ:সনক সনন্দ যোগী যাহাকু ধিয়ায়’ সকল নিগমে যাক বিচাৰি নাপায়।”

অন্তর্নিহিত অর্থটো লিখা । (SEBA MODEL)

 উ : এই সংসাৰখন এখন মায়াজাল। ইয়াৰ মায়া পাশত আবদ্ধ হৈ সকলোৱে ককাই থাকে। ভগৱানৰ অৰ্থাৎ হৰিৰ কথা চিন্তা নকৰে। কবিয়ে ইয়াৰ মহত্ব বুজি পাই শ্ৰীকৃষ্ণৰ চৰণত শৰণ লৈছে। তেওঁৰ কৃপাদৃষ্টি বিচাৰিছে। শ্রীকৃষ্ণ পাৰ সাগৰস্বৰূপ, তেওঁৰ মহিমা অপাৰ। এই সংসাৰৰ মায়া মোহৰ পাশত আৱদ্ধ অধমসকলে শ্ৰীকৃষ্ণৰ চৰণত শৰণ নিলে সকলো দুখৰ পৰা পৰিত্ৰাণ পাব পাৰে বুলি কৰিয়ে কৈছে। কিন্তু তুচ্ছ মনুষ্যসকলে এই কথা বুজিব নোৱাৰে। সাক আৰু সনন্দৰ দৰে মহাযোগীয়েও নানা তপ-জপ কৰি, হৱাৰ জন্ম গ্ৰহণ কৰিও নিজকে তেওঁৰ ওচৰত অৰ্পণ কৰি কৃষ্ণৰ মহিমা বুজিব পৰা নাই। সেই অনাদি অনন্তজনৰ বিষয়ে জনাটো কাৰো পক্ষে সহজসাধ্য নহয়। গতিকে নিজকে অধম জ্ঞান কৰা কবিয়ে কেনেকৈ বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী শ্ৰীকৃষ্ণৰ মহিমা বুজিব পাৰিব বুলি কৈছে। সেয়েহে কবিয়ে সিংগাবৰ মায়া-মোহ ত্যাগ কৰি শ্ৰীকৃষ্ণৰ শৰণাপন্ন হ’ব লাগে বুলি কৈছে। ভগৱান ভকতসকলৰ জীৱনস্বৰূপ। তেওঁৰ কৃপা অবিহনে কোনেও মুক্তি লাভ কৰিব নোৱাৰে।

প্ৰ:মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? 

উ:মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীতিস্তম্ভ হ’ল ‘নামঘোষা।

প্ৰ:মাধৱদেৱৰ আখ্যানমূলক ৰচনা কি কি? 

উ:মাধৱদেৱৰ আখ্যানমূলক ৰচনা ৰাজসূয় কাবা, আদিকাণ্ড ৰামায়ন।

 প্ৰ: শংকৰদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল বর্তমান কিমানটা পোৱা গৈছে? 

উ: শংকৰদেৱে বাৰকুৰি গীত’ ৰচনা কৰিছিল যদিও বৰ্তমান একৰি চৈধ্যটা’ পোৱা গৈছে।

প্ৰ : শ্ৰীকৃষ্ণৰ চৰণ দুখনক কবিয়ে কি বুলি অভিহিত কৰিছে?

উ : শ্ৰীকৃষ্ণৰ চৰণ দুখনক কবিয়ে মহাধন বুলি অভিহিত কৰিছে।

অর্থ লিখা :

ধিয়ায় -ধ্যান কৰে 

ছোড়–ছিঙি দিয়া  

বিষয়- বাসনাত কাতৰ।

read more https://defensecareer.in/nelson-mandela-mcq-summary-questions-and-answers/

1 thought on “বৰগীত class 10 question answer”

Leave a Comment